59
পাঞ্জাবাৰীঃ মহানগৰীৰ উন্মুক্ত শিলসাকো বিলত সলিল সমাধি ঘটে এটি ৫ বছৰীয়া শিশুৰ। এই শিশুটি হৈছে সাতগাঁও নিবাসী হালিম আলীৰ পুত্ৰ হাছেন আলী।
লগৰীয়াৰ সৈতে ওমলি থাকোতে হঠাৎ আজি দিনৰ এক বজাত শিলসাকোৰ পানী যুঁৱলিত পিছলি পৰে ৫ বছৰীয়া হালিম।
লগে লগে হুৱা-দুৱা লাগে ওচৰ-চুবুৰীয়াৰ মাজত। খবৰ দিয়া হয় চৰকাৰী পক্ষক। কিন্তু বহু পলমকৈহে দুৰ্ঘটনাস্থলীত উপস্থিত হয় এছ ডি আৰ এফৰ দল।