103
লংকাঃ লোক কৃষ্টি-সংস্কৃতি সাহিত্য সৃষ্টিৰ বাবে কাম কৰি অহা ‘ডেউকা’ নামৰ অনুষ্ঠানটোৰ উদ্যোগত আজি “সাহিত্যৰ এদিন” শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷
দশম সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে লংকা মহাবিদ্যালয়ৰ আলোচনা সভাকক্ষত দেওবাৰে দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত “সাহিত্যৰ এদিন” অনুষ্ঠানটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অৰ্ধশতাধিক কবিয়ে অংশগ্ৰহণ কৰাৰ লগতে নিজ নিজ কবিতা পাঠ কৰে৷