116
বঢ়মপুৰঃ হাতত কঠিয়া লৈ ঘৰৰ পৰা ওলাইছে এজাক মহিলা৷ জাক পাতি অহা মহিলাগৰাকীয়ে বাৰিষাৰ বোকা পানীৰ পথাৰত যাবলৈ জাক পাতি অহা নাই৷ কঠিয়া হাতত লৈ ক্ষোভৰ বহিঃ প্ৰকাশ ঘটাবলৈকেহে আহিছে মহিলাসকল৷
এই মহিলাসকল হ’ল এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা বিধান সভা সমষ্টিৰ৷ মহিলাসকলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ কাম নকৰাৰ অভিযোগ উত্থাপন কৰে৷ বাট-পথৰ কদৰ্য অৱস্থাৰ বাবে এজাক বৰষুণতে মানুহ ঘৰৰ পৰা ওলাব নোৱাৰা হয় বুলিও অভিযোগ কৰে৷