83
শিমলুগুৰিঃ ধৰ্মীয় অনুষ্ঠান ব’ল বম পালন কৰাৰ নামত একাংশ লোকে শব্দ প্ৰদূষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ সংগঠটোৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে নাজিৰা অঞ্চলত ব’ল ব’ম পালন কৰিবলৈ আহি একাংশ লোকে উচ্চস্বৰত গান-বাজনা কৰা বুলি অভিযোগ কৰে৷
আজি আঞ্চলিক সমিতিখনে নাজিৰা মহকুমাধিপতিক এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰি ধৰ্মীয় অনুষ্ঠান ব’ল-ব’মৰ নামত সৃষ্টি কৰা শব্দ প্ৰদূষণ বন্ধ কৰিবলৈ দাবী জনায়।