117
ডিফুঃ নিজ জনগোষ্ঠীৰ হকে জংগী প্ৰতিবাদ কৰিবলৈ আহি শ্বহীদ হোৱা যুৱক ৰাহুল চিংনাৰক স্মৰণ কৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ৰাইজে৷
দুই পাহাৰীয়া জিলাক সামৰি পৃথক ৰাজ্যৰ দাবীক লৈ আন্দোলনত জঁপিয়াই পৰি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত পুলিচৰ গুলী বুকু পাতি লৈ শ্বহীদ হোৱা ৰাহুল চিংনাৰৰ স্মৃতিত জইণ্ট একছন কমিটি ফৰ অট’নমাছ ষ্টেট চমুকৈ জাকাছৰ উদ্যোগত আজি সমগ্ৰ কাৰ্বি আংলং জিলাত শ্বহীদ দিৱস পালন কৰা হয়৷