79
মৰাণঃ বানৰ পাছত প্ৰবল গৰাখহনীয়াত পৰিছে ৰাজ্যৰ বহু অঞ্চল৷ বানৰ কবলত পৰি হাহাকাৰ কৰি থকা হাজাৰ হাজাৰ লোকৰ কৃষি ভূমি, তামোল-পাণৰ বাৰী মূল্যৱান গছ-গছনি গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে৷
ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ লেঙেৰী আৰু টিংখাং মৌজাত বুঢ়ীদিহিং নৈৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অঞ্চলটোৰ কেইবা শ বিঘা কৃষি ভূমি নদীৰ বুকুত জাহ যোৱাত আতংকিত হৈ পৰিছে কৃষক।