মুছলপুৰ/গোৰেশ্বৰঃ সংখ্যালঘু নেতা তথা এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাৰ প্ৰতিবাদত অবড়ো সুৰক্ষা সমিতিয়ে আহ্বান জনোৱা ২৪ ঘন্টীয়া বিটিএডি বন্ধৰ ব্যাপক প্ৰভাৱ পৰে বিটিএডিৰ চাৰিখন জিলাত৷
সংখ্যালঘু নেতা তথা এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক আটক কৰা, বিটিএডিৰ অবড়োক নিৰপত্তা প্ৰদান কৰা, বিটিএডিৰ পৰা অবড়ো গাঁও কৰ্তন, পৃথক বড়োৰাজ্য গঠনৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত সোমবাৰে পুৱা ৫ বজাৰ পৰা অবড়ো সুৰক্ষা সমিতিয়ে আহ্বান জনোৱা ২৪ ঘন্টীয়া বিটিএডি বন্ধৰ ব্যাপক প্ৰভাৱ বাক্সা জিলাতো দেখা যায়৷