69
ৰঙিয়াঃ ৰঙিয়াৰ চহৰৰ সমীপৰ বালিসত্ৰত আজি এক অগ্নিকাণ্ড সংঘটিত হৈ ৭ টাকৈ গৰুৰ মৃত্যু হয়৷ ৰঙিয়া বালিসত্ৰৰ খলিহামাৰী গাঁৱৰ দেৱেন কলিতাৰ এটি ঘৰত অগ্নিকাণ্ড সংঘটিত হোৱাত গাঁওখনত হুৱা-দুৱা লাগে।
ততাতৈয়াকৈ গাঁওখনৰ লোকসকল আহি দাউ-দাউকৈ উঠা জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও বিফল হয়৷ ফলত এটি ঘৰ সম্পূৰ্ণ জুইত জাহ যোৱাৰ লগতে সাতটাকৈ পশুধনৰ মৃত্যু হয়।