কোকৰাঝাৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডক লৈ ক্ৰমান্বয়ে ধূসৰ হৈ পৰিছে সমগ্ৰ ঘটনাৱলী। হত্যাকাণ্ড গো-মাফিয়া নে ৰাজনৈতিক নে ব্যৱসায়িক নে ব্যক্তিশত্ৰুৰ দ্বাৰা সংঘটিত হল তাকে লৈ চৰ্চা অব্যাহত থকাৰ সময়তে আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হত্যাকাাণ্ড যাৰ দ্বাৰাই নহওক কিয় হত্যাকাণ্ডৰ আঁৰত এক শক্তিশালী পক্ষ জড়িত আছে বুলি দাবী কৰিছে।
হত্যাকাণ্ডই একসপ্তাহ অতিক্ৰম কৰাৰ পিছতো হত্যাকাৰী গ্ৰেপ্তাৰ নোহোৱাটো চৰকাৰৰ বিফলতা বুলি মন্তব্য কৰিছে। ইয়াৰোপৰি হত্যাকাণ্ডৰ সময়ত দুৰ্ষ্কৃতিকাৰীৰ গুলীচালনাত আহত হোৱা শুভংকৰ চক্ৰবৰ্তীৰ স্বাস্থ্যৰ বুজ লোৱাৰ পিছত লাফিকুলৰ হত্যাকাণ্ড সন্দৰ্ভত দুই এক ব্যাক্তিয়ে আলাপ কৰাৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হত্যাকাাণ্ডত নিদিষ্ট এটা পক্ষৰ সলনি কেবাটাও পক্ষ অৰ্থাৎ এ , বি , চি , ডি জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে।