ডিজিটেল ডেস্কঃ ছ’ৱাইন ফ্লুত আক্ৰান্ত হৈছে ছুপাৰষ্টাৰ আমীৰ খান আৰু তেওঁৰ পত্নী কিৰণ ৰাও। অৱশ্যে এতিয়ালৈকে তেওঁলোক চিকিৎসালয়ত ভৰ্তি হোৱা নাই। ‘এন ডি টিভি’ আৰু ‘অমৰ উজালা’ত প্ৰকাশিত বাতৰি মতে, বৰ্তমান ঘৰতে দুয়োৰে চিকিৎসা চলি আছে।
দেওবাৰে পত্নীসহ আমীৰে পুণেৰ এক অনুষ্ঠানত ভাগ ল’বলগীয়া আছিল যদিও ছ’ৱাইন ফ্লুত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে অনুষ্ঠানত অংশগ্ৰহণৰ পৰা বিৰত থাকিবলগীয়া হয়। সেয়া হ’লেও ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দুয়ো অনুষ্ঠানটোৰ দৰ্শকসকলক ৰোগৰ বিষয়ে জনায়।