গুৱাহাটীঃ দ্য ক্ৰিয়েটিভ পিপ’লৰ উদ্যোগত অহা ১৮ অাগষ্টত হোটেল লিলিত অনুষ্ঠিত হ’ব পুৰুষৰ সৌন্দৰ্য্য প্ৰতিযোগিতা। ২০১৭ বৰ্ষৰ দশম বাৰ্ষিক এই মেলষ্ট্ৰম প্ৰতিযোগিতাখনত ৩০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব।
গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি দ্য ক্ৰিয়েটিভ পিপ’ল’ৰ প্ৰতিষ্ঠাপক প্ৰশান্ত ঘোষে যুৱকসকলক সুন্দৰ অাৰু সু-স্বাস্থ্যবান হোৱাৰ প্ৰতি সচেতন কৰাৰ উদ্দেশ্য এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা বুলি সদৰী কৰে৷ এইবাৰৰ মেলষ্ট্ৰম প্ৰতিযোগিতাৰ মূল বিষয় হৈছে ‘ন’ টু টবাক’।