শিৱসাগৰঃ নতুন মোৰ লৈছে শিৱসাগৰৰ নগৰৰ মাজ মজিয়াত দীক্ষা ৰাজকুমাৰী হত্যাকাণ্ডই৷ বৃহস্পতিবাৰে হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত দীক্ষাৰ স্বামী ৰাজীৱ বৰগোঁহাইক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰত সমীপৰ ভাড়াঘৰত ১১আগষ্টৰ নিশা তলাবন্ধ কোঠাত দীক্ষা ৰাজকুমাৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল৷
চৰাইদেউ জিলাৰ মথুৰাপুৰ ভকত গাঁৱৰ সুৰেণ ৰাজকোঁৱৰৰ জীয়ৰী দীক্ষা ৰাজকুমাৰীৰ মাউৎ গাঁও নিবাসী ৰাজীৱ বৰগোঁহাইৰ সৈতে ১২ বছৰ পূৰ্ব বিবাহ পাশত আবদ্ধ হৈছিল৷ দীক্ষাৰ স্বামী ৰাজীৱ গুৱাহাটী বেলতলাত বাস কৰে। স্বামী ৰাজীৱে দ্বিতীয় বিবাহ কৰি গুৱাহাটীত থাকিবলৈ লোৱাত দুয়োৰে মাজত প্ৰায়ে মতানৈক্যই দেখা দিছিল৷