গুৱাহাটীঃ একাংশ চিনেমা হল মালিকৰ চক্ৰান্তত ধংসৰ গৰাহলৈ অসমীয়া চিনেমাৰ ভৱিষ্যত। এই অভিযোগ প্ৰযোজক তথা ব্যক্তিগত নিউজ চেনেল প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণৰ।
কাইলৈ মুক্তি লাভ কৰিবলগীয়া ‘গেংছ অৱ নৰ্থ ইষ্ট’ হিন্দী ছবি সন্দৰ্ভত এক সংবাদ মেল অনুষ্ঠিত কৰি ক্ষোভ প্ৰকাশ কৰে সঞ্জীৱ নাৰায়ণে। উত্তৰ-পূৰ্বাঞ্চলৰ কলা-কুশলী, অভিনেতা-অভিনেত্ৰীক লৈ নিৰ্মাণ কৰা হৈছে ‘গেংছ অৱ নৰ্থ ইষ্ট’ নামৰ হিন্দী চিনেমাখন। ৰাজ্যখনৰ চিনেমা হলসমূহে সময় নিদিয়াত ক্ষোভিত হৈ পৰে প্ৰযোজক সঞ্জীৱ নাৰায়ণ।