55
নগাঁওঃ কেন্দ্ৰীয় চৰকাৰে আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যে বেংক প্ৰতিষ্ঠানৰ জৰিয়তে ঋণ দিয়াৰ আঁচনি গ্ৰহণ কৰিছে৷ তেনে সময়তে একাংশ দুৰ্নীতিগ্ৰস্ত বেংক বিষয়াই ঋণ দিয়াৰ নামত গ্ৰাহকৰ পৰা অবাধে উৎকোচ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷
ঘোচখোৰ বেংক বিষয়াই বিভাগীয় নীতি-নিয়মৰ দোহাই দি প্ৰায়েই হাৰাশাস্তিৰ সন্মুখীন কৰি গ্ৰাহকৰ পৰা কৌশলেৰে লক্ষ লক্ষ টকা উপঢৌকন লৈ ঋণ প্ৰদানৰ সমগ্ৰ প্ৰক্ৰিয়াটো একপ্ৰকাৰে ভেঁকো-ভাওনাত পৰিণত কৰিছে৷