ৰঙিয়াঃ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি পলাই থকা এগৰাকী ৰেল কৰ্মচাৰীক আজি ৰঙিয়া আৰক্ষীয়ে আটক কৰে৷ ৰেল বিভাগৰ চাকৰী জিয়াৰ নামত ৰঙিয়াত বৃহৎ বজাৰ বহা বুলি অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে আৰক্ষীৰ জালত পৰিল বিশ্বজিৎ মিশ্ৰ নামৰ লোকজন।
যিসময়ত ৰাজ্যৰ থলুৱা নিবনুৱাই চাকৰিৰ বাবে হাবাথুৰি খাইছে তাৰ মাজতে ৰঙিয়াত এটা চক্ৰই চলাইছে চাকৰি দিয়াৰ নামত ব্যাৱসায় চলাই আহিছে। তাৰ মাজতে ৰঙিয়া আৰক্ষীৰ জালত পৰিল ৰেল বিভাগৰ কৰ্মচাৰী। বিশ্বজিৎ মিশ্ৰ নামৰ এইজন ৰেল কৰ্মচাৰীয়ে নিৱনুৱা যুৱকৰ পৰা চাকৰি দিয়াৰ নামত সৰকাইছিল তিনিলাখ টকা।