শুক্লাইঃ ৰাজ্যৰ বিভিন্ন প্ৰন্তৰ লগতে বিটিএডিৰ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ ভূটান পাহাৰত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ভুটান পাহাৰৰ পৰা বৈ অহা শুক্লাই, চামৰাং, দেওঁচুঙা আদি নৈৰ বাঢ়নী পানীয়ে সীমান্তৰ কেইবাখনো গাঁও বুৰাই পেলায়৷
হঠাৎ নৈ সমূহে কালৰূপ ধাৰণ কৰাত অঞ্চলটোৰ খেতি-বাতি, বহু মানুহৰ ঘৰ-বৰ উটুৱাই নিয়াৰ লগতে পোহনীয়া জীৱ-জন্তু উটুৱাই নিয়ে৷ ফলত বহু লোকে আশ্ৰয় শিবিৰত থাকিব লগা হয়৷ লৰা-ছোৱালীৰ কিতাপ পত্ৰ, কাপোৰ-কানি আদি উটুৱাই নিয়ে৷ যোৱা দুদিন ধৰি বৰষুণ নিদিয়াৰ ফলত ক্ৰমান্বয়ে পৰিবেশ স্বাভাবিক হ’ব ধৰিছে যদিও শ শ লোকে এসাজ ভাত, থকা ঠাইৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷