50
ডিব্ৰুগড়ঃ বছৰৰ দ্বিতীয়টো বানত বিধ্বস্ত ৰাজ্যৰ ২৬ খন জিলা৷ ২৬০০ খন গাঁৱৰ প্ৰায় ২৯ লাখ মানুহ এই বানত সৰ্ব্বশ্ৰান্ত হৈছে৷ মৃত্যু ঘটিছে ৫০ জন লোকৰ৷ তথাপি গা লৰা নাই ৰাজ্য চৰকাৰৰ৷ আহৰি নাই ভুক্তভুগীৰ খবৰ লবলৈ৷
নিজৰ হেঁপাহৰ ঘৰ খন এৰি আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্তই লাভ কৰা নাই পৰ্যাপ্ত চৰকাৰী সাহায্য৷