নাওকাটাঃ বহু পলমকৈ হলেও গৃহ জিলাৰ বান পৰিস্থিতিৰ খবৰ ললে মন্ত্ৰী ৰিহনে দৈমাৰীয়ে৷ ভাৰত-ভূটান সীমান্তৰ বানাক্ৰান্তৰ আজি খবৰ লয় কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে৷ ১২ আগষ্টৰ নিশা ভূটান পাহাৰৰ পৰা বৈ অহা কেইবাখনো নৈৰ বাঢ়নী-পানীয়ে প্ৰলয়ৰ সৃষ্টি কৰিছিল ভাৰত-ভূটান সীমান্তত৷
বহু লোকে ঘৰ-দুৱাৰ হেৰুৱাই আশ্ৰয় শিবিৰত থাকিব লগা হৈছে৷ পৰিয়ালৰ কাপোৰ-কানি, লৰা-ছোৱালীৰ কিতাপ-পত্ৰ সকলো বাঢ়নী-পানীয়ে নষ্ট কৰে৷ ৰাইজে গৃহ জিলাৰ বান পৰিস্থিতিৰ খবৰ নোলোৱা বুলি মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰাৰ সময়তে প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত ওদালগুৰিৰ-বাক্সা সীমান্তৱৰ্তী উত্তৰ নাওবান্ধা, শুক্লাই, দেওঁচুঙা, আটেৰীখাট আদি অঞ্চল ভ্ৰমণ কৰি ক্ষয়-ক্ষতিৰ বুজ লয় অসামৰিক যোগান আৰু জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীয়ে।