গোৰেশ্বৰঃ সাত দিনে সন্ধান নাই এগৰাকী যুৱকৰ৷ পিতৃ-মাতৃয়ে যুৱক জনক বিচাৰি হায়ৰাণ হৈ পৰিছে৷ মহানগৰীৰৰ এটা কোম্পানীত কৰ্মৰত পাৰৱীজ ৰহমান নামৰ যুৱকজন নিৰুদ্দেশ হয় গুৱাহাটী মহানগৰৰ পৰা৷ ২২ বছৰীয়া চফল যুৱক জনৰ ঘৰ বাক্সা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত ৫ নং গোৰেশ্বৰৰ গেৰুৱাত৷ পিতৃ আজিজৰ ৰহমানে ইতিমধ্যে গোৰেশ্বৰ থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও আজিলৈ কোনো খবৰ পোৱা নাই পুত্ৰৰ।
পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি কোনো শুংসুত্ৰ উদ্ধাৰ কৰিব পৰা নাই যুৱকজনৰ। পাৰৱীজ ৰহমানে গুৱাহাটীৰ ব্যক্তিগত কোম্পানীত কামকৰি আছিল বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ পৰাই নিৰুদ্দেশ হোৱা যুবকজনৰ মোবাইল ফোনটোও বন্ধ হৈ আছে। কোনোলোকে যুৱকজনৰ সম্ভেদ পালে ওচৰৰ আৰক্ষীক নতুবা ৯৬১৩১ ৩০৩৯৮ নম্বৰত খবৰ দিবৰ বাবে পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।