গোৰেশ্বৰ/তুলসীবাৰীঃ শিক্ষক দিৱস পালন নকৰে ৩৫ হাজাৰ শিক্ষকে৷ শিক্ষক দিৱসৰ দিনা তেওলোকক ওলাই আহিব গুৱাহাটী মহানগৰীলৈ৷ ২০১১ চনৰ পদ প্ৰাদেশিকীকৰ বিলৰ অধীনত ৮৮৩২ খন শিক্ষানুষ্ঠানৰ ৪১৬৩৪ গৰাকী শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ কৰা হ’ল যদিও আজিকোপতি পদ প্ৰাদেশিকীকৰণ নোহোৱা ৩৫ হাজাৰ শিক্ষক-কৰ্মচাৰীয়ে শিক্ষক দিৱস পালন নকৰি প্ৰতিবাদ সাব্যস্ত কৰিব।
২০১৩চনৰ ১জানুৱাৰী আৰু ২০১৪ চনৰ ১ আগষ্ট পৰা কাৰ্য্যকৰী হোৱাকৈ বকেয়া সহ দৰমহা প্ৰায় ১৬শ কৌটি টকা আদায় দিবলগীয়া হোৱাত চক্ৰান্তমূলক ভাৱে প্ৰাদেশিকীকৰণ আইন, ২০১১ বাতিল কৰে চৰকাৰে। একে যোগ্যতা থকা শিক্ষক কৰ্মচাৰীক পুনৰ বিভিন্ন আইনৰ আওতালৈ আনি বঞ্চিত কৰিব বিচৰাৰ প্ৰতিবাদত আগন্তুক ৫ চেপ্তেম্বৰত শিক্ষক দিৱস বৰ্জনৰ সিদ্ধান্ত লৈছে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই।