কাকপথাৰঃ ৰাজ্যত বৃদ্ধি পাইছে নিচাজাতীয় দ্ৰব্যৰ গোপন বেহা৷ যুৱ চামৰ একাংশৰ আসক্তিৰ সুযোগ লৈ একাংশই চলাই আছে ৰমৰমীয়া বজাৰ৷ গুৱাহাটীৰ পল্টনবজাৰ ৰেল ষ্টেচন, ডিব্ৰুগড়, ধুবুৰীত নিচাজাতীয় সামগ্ৰী উদ্ধাৰৰ পাছতেই ৰাজ্যত পুনৰ উদ্ধাৰ হ’ল নিচাজাতীয় সামগ্ৰী৷
তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চেলেংগুৰি গাঁৱৰ হেমিল হাজৰিকাৰ ঘৰৰ পৰা উদ্ধাৰ হ’ল প্ৰায় ৫৫,০০০ টকা মূল্যৰ ব্ৰাউন চুগাৰ৷ আজি পুৱা কাকপথাৰ আৰক্ষীয়ে এক অভিযান চলাই উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ৷