গোলাঘাটঃ দীনদয়াল উপাধ্যায়ৰ নামত শিক্ষানুষ্ঠান স্থাপন কৰিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মাই “মই টকা দিম, কলেজ মোৰ মতে হ’ব” বুলি জনমতক উপেক্ষা কৰি দম্ভালি মৰা কাৰ্য, ডº হীৰেণ গোহাঁইক অভদ্ৰ ভাৱে অপমান কৰা আৰু নতুন কলেজ সমূহ ইন্দিৰা মিৰি, বাণীকান্ত কাকতী, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভাৰ দৰে বৰেণ্য ব্যক্তিৰ নামত স্থাপন কৰাৰ দাবীত আজি নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনে গোলাঘাটত শিক্ষামন্ত্ৰীজনৰ প্ৰতিকৃতি দাহ কৰে।
জিলা সভাপতি যদু বৰা, উপ-সভাপতি অভিলাষ নেওগৰ নেতৃত্বত ছাত্ৰকৰ্মী সকলে ‘শিক্ষামন্ত্ৰী হায় হায়, শিক্ষাৰ গেৰুৱা হ’বলৈ দিয়া নহ’ব, দীনদয়াল উপাধ্যায়ৰ নামত কলেজ স্থাপন কৰিবলৈ দিয়া নহ’ব’ আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ স্থলীত এ আই এছ এফৰ ৰাজ্যিক উপ-সভাপতি বিতোপন গগৈয়ে কয় যে টকাবোৰ হিমন্ত বিশ্ব শৰ্মাৰ পকেটৰ নহয়, জনসাধাৰণৰহে। গতিকে কলেজ জনসাধাৰণৰ মতে হ’ব, দীনদয়ালৰ নামত নহ’ব।