60
ডিব্ৰুগড়ঃ জনসংযোগ বিভাগৰ কেলেংকাৰীৰ তদন্তত স্থৱিৰ হোৱা বুলি চৰ্চা হৈ থকাৰ সময়তে আজি ডিব্ৰুগড়ত জনসংযোগ বিভাগৰ বিজ্ঞাপন কেলেংকৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে।
মূখ্যমন্ত্ৰী তদাৰকী কোষৰ পৰিদৰ্শক বিনয় কুমাৰ বৰ্মণৰ নেতৃত্বত আজি ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ত অভিযান চলাই বহু নথি প্ৰত্ৰ পৰীক্ষা আৰম্ভ কৰিছে। কাইলৈ পৰা অধিক সক্ৰিয়তাৰে এই কেলেংকাৰীৰ তদন্ত কৰিব বুলিও জানিবলৈ দিছে অভিযান কালত।