ধনশিৰিঃ ৰাজ্য খনৰ প্রায় ৮০ শতাংশ লোকেই কৃষি কর্মৰ সৈতে জড়িত৷ ৰাজ্যৰ মুল চহৰ কেই খনৰ বাহিৰে প্ৰতি খন জিলাত শতকৰা ৮০ শতাংশ লোকেই কৃষক৷ শাক, পাচলি, সৰিয়হ, মৰাপাট আদিৰ লগতে ধান খেতি কৰে ৰাজ্যৰ খেতিয়ক সকলে৷
মুলতে প্ৰায় খেতিয়কে ধান খেতি কৰে যদিও দৰং, বৰপেটা, গোৱালপাৰা, হোজাই আদি জিলাত শাক পাচলীৰ খেতিয়ো কৰে শ শ কৃষকে৷ কপালৰ ঘাম মাটিত পেলায় কৃষক সকলে ৰদ-বৰষুণ কাটি কৰি খেতি কৰে যদিও উৎপাদিত সামগ্ৰীৰ উচিত মুল্য নোপোৱাত ৰাজ্যৰ কৃষকে ৰাজপথলৈ ওলাই আহিব লগা হয়৷