গোলাঘাটঃ ৰাজ্যৰ কেইবাটাও সংগঠনে বানপীড়িতৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ কৰি এসাজ ভাতৰ বাবে হাহাকাৰ কৰা লোকসকলক সহায় কৰি আহিছে৷ নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ গোলাঘাট জিলা সমিতিয়ে জিলা খনৰ বংকুৱাল অঞ্চলৰ বানপীড়িত লোকসকলৰ মাজত বান সাহায্য বিতৰণ কৰে৷
জিলা পৰিষদ, কাজিৰঙা এনজিঅ’, ডেকাচাং গোলাঘাট, অংগনবাড়ী কৰ্মী-সহায়িকা সন্থা, গোলাঘাট জিলা মটৰ-শ্ৰমিক ইউনিয়ন, গোলাঘট জিলা মহিলা সমিতি আদি সংগঠনৰ সহযোগত বানৰ কবলত পৰা বংকুৱাল অঞ্চলৰ ৰাইজৰ মাজত চাউল, মচুৰ দাইল, আলু, বিস্কুট, মম, আটা, চাবোন, মিঠাতেল, কাপোৰ, খোৱাপানী আদি সামগ্ৰী বিতৰণ কৰে সংগঠনটোৱে।