ডিফুঃ সমগ্ৰ অসমৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত আৰক্ষী থানা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় ভাবে অসম গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক প্ৰয়াত হৰি নাৰায়ণ বৰুৱাৰ ৪৮ তম মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়৷
পুৱা ডিফু থানাত বৃক্ষ ৰোপন কৰাৰ লগতে প্ৰতিষ্ঠাপক গৰাকীৰ স্মৃতিত কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতীক থ’ বেই, ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপেন দাস, সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া লালমোহন গোৱালা, উপ পৰিদৰ্শক নিতুমনি হাজৰিকা আৰু থানা সমিতিৰ সভাপতি আৰু উপ-সভাপতি হেমাৰী তিমুঙ আৰু আব্দুল মতিন তালুকদাৰে বন্তি প্ৰজলন কৰে৷