তিনিচুকীয়াঃ মৃত্যুনো কি৷ এটা নশ্বৰ দেহ, এখন উকা কাপোৰ, দুটোপাল অশ্ৰু৷ সেয়াই মৃত্যু৷ সেইদিনাখন বুকুৰ মৰমেৰে সি এজনী ছোৱালীৰ সেউতাত ৰঙাকৈ বেলি এটা থাপিছিল৷ কিন্তু আজি তাইৰ বুকুত বেলিটো মাৰ যোৱাৰ বিষাদৰ লহৰ৷ কান্দোনত তাইৰ আকাশ কঁপিছে৷ দুচকুৰে বৈছে চকুলোৰ বৰষুণ৷
ডিব্ৰুগড় জিলাৰ ৰাজগড়ৰ বজৰংগী পাণৱালা বুলি ক’লে সকলোৱে জানে৷ টিকটিকিয়া ৰঙা দুহাত আৰু ওঁঠৰ হাঁহিৰে সকলোকে স্বাগতম জনোৱা বজৰংগীৰ উপাধিটো বহুতেই নাজানে৷ চলমান খানৰ বজৰংগী ভাইজান নামৰ চিনেমা খনৰ জনপ্ৰিয়তাৰ পাছত একাংশই তাক বজৰংগী ভাইজান বুলি মাতিছিল৷ আৰু একাংশৰ বাবে সি আছিল মৰমৰ বজৰংগী পাণৱালা৷