তিনিচুকীয়াঃ পশ্চিমবংগৰ কলা আৰু সংস্কৃতি ক্ষেত্ৰৰ অগ্ৰণী অনুষ্ঠান “প্ৰতিভা” সৌজন্যত কলিকতাৰ ‘বিৰলা অকাডেমী অব্ আৰ্ট এণ্ড কালচাৰ’ত ২২ আগষ্টৰ পৰা ২৭ আগষ্টলৈকে চিত্ৰ প্ৰদৰ্শন অনুষ্ঠিত হৈছে । চিত্ৰ প্ৰদৰ্শনীত অসমৰ এগৰাকী শিল্পীৰ চিত্ৰ প্ৰদৰ্শন কৰা হৈছে। তিনিচুকীয়া জিলাৰ চিত্ৰ শিল্পী অৰ্চনা গগৈৰ চিত্ৰ প্ৰদৰ্শন কৰা হৈছে৷
১৯৮৬ চনৰ ২৮ অক্টোবৰত যোৰহাটৰ ন-কছাৰী গাৱঁত জন্মলাভ কৰা এইগৰাকী চিত্ৰশিল্পী বৰ্তমান তিনিচুকীয়া জিলাৰ বাসিন্দা৷ তিনিচুকীয়া জিলাৰ ডুমডুমা মহাবিদ্যালয়ৰ পৰা ২০০৮ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ সময়চোৱাতে প্ৰখ্যাত চিত্ৰশিল্পী ৰবীন বৰ’ৰ সান্নিধ্যলৈ আহে৷ সৰুৰে পৰাই চিত্ৰকলাৰ হাবিয়াহ থকা আৰু ছবি অঁকাৰ দুৰ্বাৰ বাসনাই ৰবীন বৰ’ৰ ‘ইলোৰা আৰ্ট অকাডেমী’ত চিত্ৰকলাৰ আদিপাঠ শিকিবলৈ নামভৰ্ত্তি কৰিবলৈ বাধ্য কৰায়৷