Home ৰাজ্যহায় হায় বেজ!

হায় হায় বেজ!

by News Desk
76 views
A+A-
Reset

মোৰাঝাৰঃ ৰাজ্যত ওলাইছে ভুৱা ডাক্টৰ, ভুৱা কবিৰাজ৷ পিছে এইবাৰ ওলাল  ভুৱা বেজো৷ ডিঙিত বনৰীয়া গছৰ গুটিমালা পিন্ধি মুখেৰে কিবাকিবি বিৰবিৰাই বেজে চলায় বেজালি৷ মানুহৰ অন্ধবিশ্বাসৰ সুযোগ লৈ একাংশ ভণ্ড বেজে এনেদৰেই লুটি লৈ যায় ধন৷ পিছে এইবাৰ বেজৰ পিঠিত পৰিল ৰাইজৰ ঔ-কিল৷ বেজালিৰে ধন সৰকাই বাকী থকা টকা নিবলৈ আহি ভুৱা বেজ বন্দী হ’ল ৰাইজৰ হাতত। 

হোজাইৰ বৰহোলাত সংঘটিত হৈছে এই আজব ঘটনা৷ যোৱা ১৫ আগষ্টত চিকিৎসালয়লৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই সন্ধানহীন হৈছিল বৰহোলাৰ এগৰাকী মহিলা৷ পৰিয়ালৰ লোকে কাষ চাপিছিল আৰক্ষীৰ৷ তেনেতে ঘটনাৰ খবৰ পাই পৰিয়ালটোৰ কাষত থিয় দিছিল লংকাৰ লস্কৰ পথাৰৰ কাঁচিম আলি নামৰ স্বয়ম্ভু বেজগৰাকী। বেজে পৰীক্ষা কৰি পৰিয়ালৰ লোকক জনাইছিল ডিমাপুৰৰ এটা চক্ৰই অপহৰণ কৰি নিছে মহিলাগৰাকীক। তেওঁ উদ্ধাৰ কৰি দিব পাৰিব৷ কিন্তু তাৰ বিনিময়ত পৰিয়ালে ভৰিব লাগিব এক লাখ টকা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0