ডিব্ৰুগড়ঃ ডিব্ৰুগড় বাণীপুৰ ৰেল ষ্টেচনত ৰেলৰ দবাত এগৰাকী মহিলাৰ মৃতদেহ অৰ্ধ উলংগ অৱস্থাত আজি পুৱা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে। গুৱাহাটী-ডিব্ৰুগড় ৰেলৰ এটা বন্ধ দবাৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহটো।
যাত্ৰী নথকা দবাটোত পুৱা ৰেলৰ সামগ্ৰী ধোৱা লোকে প্ৰথম প্ৰত্যক্ষ কৰে বুলি জনাইছে। প্ৰায় ৪০ বছৰ বয়সৰ মহিলা গৰাকীক সঠিক ভাৱে চিনাক্ত কৰিব পৰা হোৱা নাই যদিও মৃতদেহৰ কাষত পৰি থকা কাগজত তিনিচুকীয়াৰ স্বপ্না দাস বুলি লিখা আছে। তদুপৰি মৃতদেহ অসংযত অৱস্থাত থকালৈ চাই মহিলাগৰাকীক কোনো লোকে ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে।