68
তুলসীবাৰীঃ নগাঁৱত বান পীড়িতৰ বাবে সাহায্য সংগ্ৰহ কৰিবলৈ যোৱা অসমীয়া যুৱকক অনা অসমীয়া ব্যবসায়ীয়ে পৰিকল্পিত ভাবে কৰা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহনা দিছে কলিতা জনগোষ্ঠী সন্মিলনে৷
সংগঠনটোৰ সম্পাদক ভূপেন কলিতাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিৰ জৰিয়তে কয় যে সৰ্বত্ৰ জোকাৰি যোৱা চিলাপথাৰ কাণ্ডৰ পৰাই একাংশ অনা অসমীয়াই জোৰ-জুলুম আৰু ভাবুকি প্ৰদান কৰি আহিছে৷