ডিজিটেল ডেস্কঃ প্ৰেম অন্ধ বুলি সকলোৱে জানে৷ প্ৰেমে নামানে জাতিকুল, প্ৰেমে নুবুজে আয়ুস৷ প্ৰেম যে অন্ধ তাৰ প্ৰমান হয়তো বহুতেই আছে৷ কিন্তু প্ৰেম ইমানো যে অন্ধ হ’ব পাৰে, সেয়া নেদেখিলে বা নাজানিলে হয়তো কল্পনা কৰাটোও টান৷
বিশ্বৰ অন্যতম সুন্দৰ ৰাষ্ট্ৰ ইণ্ডোনেচিয়াৰ এই প্ৰেম কাহিনী৷ এই ৰাষ্ট্ৰখনতে প্ৰেম ইমানো যে অন্ধ হ’ব পাৰে তাৰ প্ৰমাণ পোৱা গ’ল৷ ইণ্ডোনেচিয়াৰ চেলামত ৰিয়াডী নামৰ ষোল্ল বছৰীয়া কিশোৰ জন প্ৰেমত পৰিল ৭১ বছৰীয়া ৰোহায়া নামৰ বৃদ্ধাগৰাকীৰ৷ প্ৰেম মানে কিন্তু আইতা-নাতীৰ প্ৰেম নহয়৷ একেবাৰে জবৰদস্ত প্ৰেম৷ ইজনে সিজনক নেদেখি এক চেকেণ্ডো থাকিব নোৱাৰা অৱস্থা৷ ভাত খাবলৈ একেখনেই কাঁহী৷ পাৰ্কৰ বেঞ্চত ৰোমান্টিক কিছৰ আদান-প্ৰদান৷ এনে প্ৰেম যেন দেখি সকলোৱে তবধ মানিব৷