79
ধুবুৰীঃ নগাঁও কাণ্ডৰ প্ৰতিক্ৰিয়া সমগ্ৰ ৰাজ্যজুৰি চলি থকাৰ মাজতে ধুবুৰী জিলাৰ গৌৰীপুৰতো নগাঁও কাণ্ডৰ প্ৰতিবাদ কাৰ্যসূচী পালন কৰা হয়৷ গৌৰীপুৰৰ মহামায়া খেলপথাৰত প্ৰতিবাদ সাব্যস্ত কৰিলে ধুবুৰী জিলাৰ বিভিন্ন জাতীয় দল-সংগঠনে৷
সদৌ অসম ধুবুৰী জিলা সন্মিলিত নাগৰিকৰ লগতে বিভিন্ন দল-সংগঠনৰ সহযোগত নগাঁওত সংঘটিত কাণ্ডৰ প্ৰতিবাদত গৌৰীপুৰ মহামায়া খেলপথাৰত আজি দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা দেখা গ’ল৷