কোকৰাঝাৰঃ বিটিএডিত অসমীয়া ভাষাক অৱহেলাৰ দৃষ্টিৰে চোৱা হৈছে যত বডোলেণ্ড বিশ্ববিদ্যালয়েও হাত উজান দিয়া বুলি অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই অভিযোগ কৰাৰ পিছত আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই বিশ্ববিদ্যালয়ৰ স্থিতি স্পষ্ট কৰি দিছে।
উল্লেখ্য যে, অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতাই এক বিবৃতিত শেহতীয়াকৈ কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ বিটিএডিৰ মহাবিদ্যালয়সমূহত অসমীয়া, বড়ো, হিন্দী বিষয়ৰ বাহিৰে অন্য বিষয়ত স্নাতক মহলাৰ পৰা অকল ইংৰাজী ভাষাতহে ছাত্ৰ ছাত্ৰীয়ে উত্তৰ লিখিব পাৰিব বুলি বড়োলেণ্ড বিশ্ববিদ্যালয়ে এক নিৰ্দেশনা জাৰি কৰা বুলি অভিযোগ উত্থাপন কৰিছিল।