150
লাহৰীঘাটঃ ভোডাফোন নে ভদা (বুৰ্বক) ফোন৷ ভাৰতৰ বৃহৎ নেটৱৰ্ক কোম্পানী ভোডাফোনে এতিয়া গ্ৰাহকক খুৱাইছে জ্বলা-কলা৷ টিভি-পেপাৰত বিজ্ঞাপনৰ বহুল প্ৰচাৰেৰে ভাৰতৰ শ্ৰেষ্ঠ নেটৱৰ্ক কোম্পানী বুলি নিজকে দাবী কৰা ভোডাফোন সেৱাই এতিয়াই এতিয়া গ্ৰাহকক যোগান ধৰিব পৰা নাই উন্নত নেটৱৰ্ক সেৱা৷
তাৰেই প্ৰমাণ পোৱা গ’ল মৰিগাও জিলাৰ জাগীৰোডত৷ যোৱা এটা সপ্তাহৰো অধিক কাল ভোডাফোন ব্যৱহাৰকাৰী গ্ৰাহক সকলে অসুবিধাৰ সন্মুখীন হৈ আছে৷