মোৰাঝাৰঃ সহায়ৰ নাম লৈ লুটিলে মহিলাৰ ধন৷ হোজাই জিলাৰ মোৰঝাৰত বৃহস্পতিবাৰে এনে ঘটনা সংঘটিত হয়৷ মোডীজীৰ ডিজিটেল ইণ্ডিয়াৰ খোজত সমানে খোজ মিলাই ঈদৰ বজাৰ কৰিবলৈ আহি ATM ৰ পৰা টকা উলিয়াব আহোতেই মহিলাই কৌশলেৰে লুটি লৈ গ’ল টকা৷
উল্লেখ্য যে, চোহানা বেগম নামৰ গ্ৰাম্যঞ্চলৰ অশিক্ষিতা মহিলা গৰাকীয়ে বৃহস্পতিবাৰে মোৰঝাৰলৈ ঈদৰ বজাৰ কৰিব আহিছিল৷ অশিক্ষিতা মহিলাগৰাকীয়ে ATMৰ পৰা টকা উলিয়াবলৈ আহি ATM মেছিনৰ একো আও ভাও নুবুজি ATM ৰ বাহিৰত ৰৈ থাকোতে আন এগৰাকী বোৰ্খা পৰিহিতা মহিলাই তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে৷