67
চৰাইদেউঃ বানপানী নহয়, এজাক বৰষুণতে ডুবিল সোণাৰি পৌৰসভা৷ পৰিৱৰ্তনকামী চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ বহন কৰিছে সোণাৰি পৌৰসভাৰ অন্তৰ্গত ২ নং আৰু ৫নং ৱাৰ্ডৰ পথে৷
এজাক বৰষুণতে ঘৰ-চোতালত একাঠুলৈকে বুৰ যোৱা অঞ্চলটোত জীয়াতু ভুগিছে অঞ্চলবাসীয়ে ৷ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষ আৰু সোণাৰি পৌৰসভাৰ পৌৰপতিক এই বিষয়ে অবগত কৰাৰ পাছতো গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল৷