গোৰেশ্বৰঃ আজি দৰং জিলাৰ আন্ধেৰীঘাটস্থিত বিষ্ণুজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা উপলক্ষে আয়োজিত মুকলি আৰু সম্বৰ্দ্ধনা সভাখন অনুষ্ঠিত হয়৷ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি আন্ধেৰীঘাট হাইস্কুলৰ সহকাৰী শিক্ষক চণ্ডীনাথ শৰ্মাই কয় যে আজিৰ ছাত্ৰ-ছাত্ৰীৰ শত্ৰু হৈছে মোবাইল, সেয়ে ইয়াৰ ব্যৱহাৰ সজাগ হৈ কৰা খুবেই প্ৰয়োজন আজিৰ সময়ত।
মহাবিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক ৰাজেন মহন্তৰ দ্বাৰা সভাপতিত্ব কৰা সভা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক-সমাজকৰ্মী প্ৰদীপ ৰায় বৰুৱাই। ইয়াৰ পূৰ্বে পূৱাৰ ভাগত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ দীন ৰাজবংশীয়ে। ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয় প্ৰবক্তা গোটৰ সম্পাদক কৃষ্ণ কান্ত ডেকাই।