নগাঁওঃ সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো চলিছে পবিত্ৰ ঈদৰ ব্যপক প্ৰস্তুতি৷ ত্যাগ আৰু ঐক্য-সংহতিৰ চানেকী বহন কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উজ-জোহা বা বকৰী ঈদ শনিবাৰে নগাঁও জিলাতো পালন কৰা হ’ব৷
বৰ্তমান অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধিয়ে ঈদৰ আনন্দ-উৎসাহ ভালেখিনি ম্লান পেলাইছে যদিও ঈদ-উজ-জোহাৰ প্ৰাকক্ষণত ঈদগাহ পৰিচালনা সমিতিবোৰে মছজিদ আৰু ঈদগাহসমূহ আটকধুনীয়াকৈ সু-সজ্জিত কৰি তোলাৰ উপৰি ঠায়ে ঠায়ে জাক-জমককৈ তোৰণ আদি স্থাপনেৰে ঈদ-উজ-জোহাৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷