লংকাঃ ৰাজ্যৰ পৰিবৰ্তনকামী চৰকাৰখনে যিটো সময়ত ৰাজ্যৰ পঞ্চায়ত সমূহক দুৰ্নীতি মুক্ত কৰি তোলাৰ আশ্বাস দি আহিছে, সেই সময়ত হোজাই জিলাৰ উদালী উন্নয়ন খণ্ডৰ অন্তৰ্গত উদালী গাঁও পঞ্চায়তৰ একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু চৰকাৰী বিষয়াৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ লগে লগে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
এতিয়া নেদেখাজনৰ ওচৰত দোৱা বিচাৰি ব্যতিক্ৰমী ধৰণে দুৰ্নীতিৰ প্ৰতিবাদ কৰিছে লংকাৰ উদালী অঞ্চলৰ ৰাইজে। এই প্ৰতিবাদ পঞ্চায়ত সভানেত্ৰী আবিদা বেগম, তেওঁৰ স্বামী মৌলানা তৈবুৰ ৰহমান আৰু উদালী উন্নয়ন খণ্ডৰ দুৰ্নীতি গ্ৰস্ত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে। উদালী গাঁও পঞ্চায়তৰ সভানেত্ৰী আবিদা বেগম, তেওঁৰ স্বামী মৌলানা তৈবুৰ ৰহমান আৰু উদালী উন্নয়ন খণ্ডৰ এচাম বিষয়াই মিলি পথ নিৰ্মাণৰ নামত লাখ লাখ টকাৰ আত্মসাৎ কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে৷