নলবাৰীঃ নলবাৰীত জনসমুদ্ৰ৷ নলবাৰী মহাবিদ্যালয়ত কেৱল অগণন মানুহ আৰু মানুহ৷ পিছে আজি নলবাৰীত মিছা প্ৰতিশ্ৰুতিৰ ফুলজাৰি ফুটোৱা নেতাক চাবলৈ মানুহৰ ভিৰ লগা নাই৷ মানুহ আহিছে মানুহৰ বাবে কান্দিব জনা এখন হৃদয় চাবলৈ৷ মানুহৰ বাবে মানুহ হৈ জীয়াই থাকিব জনা শিল্পীগৰাকীক চাবলৈ৷
আজি দিনৰ ভাগত যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু তথা অসম নক্ষত্ৰ শিল্পী জুবিন গাৰ্গে ‘মিছন চাইনা’ বোলছবিৰ প্ৰচাৰ চলাবলৈ নলবাৰী কলেজ বাকৰিত উপস্থিত হয়৷ বিশাল জনসমুদ্ৰৰ মাজত শিল্পী গৰাকীক আদৰণী জনায় জুবিন ফেন ক্লাৱ, নলবাৰী কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু নলবাৰীবাসীয়ে।