তুলসীবাৰীঃ আজি বিশ্বজুৰি পালন হৈছে ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ উত্সৱ ঈদ-উজ-জ্জোহা৷ তদুপলক্ষে ৰঙিয়া মহকুমাৰ অন্তৰ্গত তুলসীবাৰী আঞ্চলিক ঈদগাহ ময়দানতো অঞ্চলটোৰ ইছলাম ধৰ্ম্মালম্বী লোকসকল সমবেত হৈ সমূহীয়া নামাজ আদায় কৰে।
পুৱাৰে পৰা বৃহত্তৰ তুলসীবাৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ পৰা ব্যাপক উছাহ-উদ্দীপনাৰে ইছলাম ধৰ্মালম্বী লোকসকলে ঈদগাহ ময়দানত সমবেত হৈ ঈদ-উজ্-জ্জোহাৰ দুইৰাকাত ওৱাজিব নামাজত অংশগ্ৰহন কৰে। পুৱা ৯ বজাত সম্পন্ন ঈদ-উজ্-জোহা ৰ সমুহীয়া নামাজত ইমামতিত্ব কৰে ধুহিবালা বুঢ়া মছজিদৰ ইমাম হাফিজ মৌলানা ৰফিকুল ইছলামে।