হোজাইঃ নগাঁও জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত জয়নগৰ গাওঁ পঞ্চায়তৰ প্ৰতিখন চৰকাৰী আঁচনি ৰূপায়নত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি৷ কোনো আঁচনি ৰূপায়ন নকৰাকৈ হকে বিহকে আঁচনি মঞ্জুৰ কৰা দেখুৱাই সমস্ত ধন গো গ্ৰাসে উদৰস্ত কৰিছে পঞ্চায়ত প্ৰতিনিধি সহ বিন্নাকান্দি উন্নয়ন খণ্ডৰ কনিষ্ট অভিযন্তা আৰু খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে৷ জয়নগৰ পঞ্চায়তখনত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰিছে জয়নগৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা চায়ৰা বেগমে৷
আঞ্চলিক পঞ্চায়তৰ সদস্যাগৰাকীয়ে তেওঁৰ স্বামীৰ নামত কেতবোৰ আঁচনি মঞ্জুৰ কৰাই সমগ্ৰ ধন আত্মসাত কৰাৰ লগতে আন কেইবাটাও আঁচনি ৰূপায়ন নকৰাকৈ আচনিৰ ধন আত্মসাৎ কৰাৰ ভয়ানক অভিযোগ উত্থাপন হৈছে৷