65
দুলীয়াজানঃ দুলীয়াজানত অইল ইণ্ডিয়াৰ চিকিৎসালয়ত জাতীয় সংগঠনৰ নেতাক আক্ৰমণ কৰাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থতিৰ৷ অইলৰ চিকিৎসালয়ত এগৰাকী ছাত্ৰ নেতাক চিকিৎসালয়ৰ সুৰক্ষা কৰ্মীয়ে আক্ৰমণ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তৈল নগৰী দুলীয়াজানত৷
চিকিৎসালয়ৰ ভিতৰতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতা বুবুল তালুকদাৰক সুৰক্ষাকৰ্মীয়ে দুৰ্ব্যৱহাৰ কৰাৰ লগতে প্ৰহাৰ কৰে৷ সুৰক্ষাকৰ্মীৰ আক্ৰমণত আহত হয় ছাত্ৰ নেতা তালুকদাৰ৷