দুলীয়াজানঃ ছাত্ৰ নেতাৰ নিকৃষ্ট কাণ্ডৰ বাবে লজ্জানত হ’ল তৈলনগৰী দুলীয়াজান৷ তৈল নগৰী নামেৰে খ্যাত দেশৰ আৰ্থিক দিশ টনকিয়াল কৰাত অৰিহণা যোগায় অহা দুলীয়াজানৰ এক সুকীয়া ঐতিহ্য আছে৷ যাৰ বাবে আজিও গৌৰাৱান্বিত দুলীয়াজানৰ প্ৰতিগৰাকীলোক৷ কিন্তু এই ঐতিহ্য, গৰিমাত কলংক সানিলে এগৰাকী ছাত্ৰ নেতাই৷
ৰাজ্যত এতিয়া মহাবিদ্যালয়সমূহত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বতাহ বলিছে৷ বিভিন্ন দলৰ ভাতৃ সংগঠন তথা ছাত্ৰ সংগঠনৰ মহাবিদ্যালয় শাখাই উঠিপৰি লাগিছে ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ৷