অভয়াপুৰী/বিহালী/চাবুৱাঃ ৰাইজৰ প্ৰতিবাদৰ কোনো মূল্য নাই মদগৰ্বী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত৷ তাৰেই প্ৰমাণ দি ৰাজ্যত ইতিমধ্যে স্থাপন কৰা হ’ল দুখনকৈ পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়৷ ২০০৮ চনতে ভূতপূৰ্ব প্ৰধানমন্ত্ৰী মনমোহন সিঙে দেশৰ ৩৭৪ খন জিলা শৈক্ষিক ভাবে পিছপৰা বুলি ঘোষণা কৰিছিল৷
তদুপলক্ষে এই জিলাসমূহত একোখনকৈ আদৰ্শ মহাবিদ্যালয় স্থাপনৰ কামো ২০০৮ চনতে ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী মোনমোহন সিঙে৷ গুৰুত্বপূৰ্ণ বিষয় যে দেশৰ ৩৭৪ খন শৈক্ষিক দিশত পিছপৰা জিলাৰ ভিতৰত অসমৰ ১২ খন জিলা ক্ৰমে নগাঁও, গোৱালপাৰা, কৰিমগঞ্জ, কাৰ্বি আংলং, হাইলাকান্দি, কাছাৰ, তিনিচুকীয়া, শোণিতপুৰ, দৰং, মৰিগাঁও, ধুবুৰী আৰু বঙাইগাঁও জিলাও পৰে৷