লাহোৱালঃ সকলো শিশুৰ এজন পৰিচিত ব্যক্তি গুড মৰ্ণিং ককা। ১৯৩২ চনৰ ৬ এপ্ৰিল তাৰিখে মদাৰখাতৰ হাটখোলা গাঁৱত জন্মগ্ৰহণ কৰা হেমচন্দ্ৰ দত্তৰ এক সুকীয়া নাম গুড মৰ্ণিং ককা ওৰফে ইংলিচ মেন। স্কুলীয়া শিক্ষা শেষ নৌহওঁতেই বিধবা মাতৃৰ স’তে বায়েক দুগৰাকীক ভৰণ-পোষণ দিবৰ বাবে মোহনবাৰী চাহ বাগিচাত চাকৰি কৰিবলৈ লয়।
তাৰ পাছত প্ৰৱেশিকা পাছ কৰি ঘোঁৰামৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে। কিছুদিন শিক্ষকতা কৰাৰ পাছত ডিব্ৰুগড়ৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ এজন নিম্নবৰ্গৰ সহায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে। পিছত তিনিচুকীয়া জিলা গঠন হোৱাত তিনিচুকীয়া ডি আই অফিচত কাৰ্যালয় সহায়ক হিচাপে যোগদান কৰে। সেই সময়তে তেখেতে প্ৰাইভেটকৈ পঢ়ি আই এ আৰু বি এ পাছ কৰে।