খেৰণিঃ পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৰিষদীয় গৃহ সমষ্টিৰ তুমপ্ৰেঙত আজি পশ্চিম কাৰ্বি আংলং জিলা সমিটিৰ বিজেপি মহিলা মৰ্চাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যবাহী সভা অনুষ্ঠিত হৈ যায়৷ কাৰ্বি পৰিষদত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত মহিলা মৰ্চা জিলা সমিটিৰ উদ্যোগত আজি প্ৰথমখন কাৰ্যবাহী সভা অনুষ্ঠিত কৰা হয়৷
আজিৰ সভাখনত ২০ নং বৈঠালাংছ’ বিধানসভা সমষ্টিৰ তথা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত থকা কাৰ্বি পৰিষদৰ ৯ টাকৈ পৰিষদীয় সমষ্টিৰ মহিলা মৰ্চাৰ বিষয়ববীয়াসকলে অংশ লয়৷ উক্ত জিলা সমিটিখনৰ মহিলা মৰ্চাৰ সভানেত্ৰী মুনমী টেৰনপিৰ সভাপতিত্ব আৰু সম্পাদিকা ৰছলিন তিছ’পিৰ উদ্দেশ্য ব্যখ্যাৰে অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকে৷