নগাঁওঃ অসমীয়া সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি তথা বৃহত্তৰ অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিভাগ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাতো বেছ উলহ-মালহেৰে উদযাপন কৰা হয়৷ তদনুযায়ী জিলাখনৰ সকলো গ্ৰামাঞ্চলৰ আকাশ-বতাহ জাউৰিয়ে জাউৰিয়ে পৰিবেশিত হৰিনামৰ অমিয়া সুৰৰ লগতে ঘোষা, পুথিপাঠ তথা খোল-তাল,নাগাৰা,ডবা, শংখ আদিৰ মন-প্ৰাণ পুলকিত কৰা মাংগলিক ধ্বনিৰ সমাহাৰে মুখৰিত হৈ এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হয়৷
পুৱাৰে পৰা গ্ৰামাঞ্চলবোৰৰ প্ৰতিটো নামঘৰতে ভক্তসৱে সমবেত হৈ ঐক্য-সংহতিৰ উৎকৃষ্ট নিদৰ্শনেৰে জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে সকলোয়ে উচ্চ-নীচ ভেদাভেদ পাহৰি ধূতি, চাদৰ, মেখেলা আদি পৰিধান কৰি আৰু ডিঙিত ফুলাম গামোচা লৈ পৰম্পৰাগতভাৱে ঘোষা, পুথিপাঠ, নাম-কীৰ্তন আৰু খোল-প্ৰসংগৰ অন্তত বিয়লি মাহ-প্ৰসাদ আৰু ভোগ বিতৰণেৰে মহাপুৰুষজনাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদি তিথিভাগ ৰাজহুৱাভাবে উৎসাহ-উদ্দীপনাৰ মাজেৰে পালন কৰে৷