ধিং/বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিভাগ দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় বৈকুণ্ঠখ্যাত শ্ৰীশ্ৰী বটদ্ৰৱা থানত পৰম্পৰা অনুসৰি পালন কৰা হয়৷ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিত ভক্তিপূৰ্ণ সেৱা জনাবলৈ আজি ভক্তপ্ৰান তীৰ্থযাত্ৰীৰে লোকাৰণ্য হৈ পৰে বটদ্ৰৱা থান৷
পুৱাৰে পৰা ভিন্ন প্ৰান্তৰ পৰা যাত্ৰীসকল বটদ্ৰৱাত উপস্থিত হৈ শঙ্কৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত দৌল মন্দিৰ, কীৰ্তন ঘৰ, দুই পদশিলা, শিলিখা বৃক্ষ, আকাশী গংগা, সতীৰাধিকা নামঘৰ আদিত সমবেত হয় আৰু ভক্তি নিবেদন কৰে৷ বটদ্ৰৱা থানত পৰম্পৰা অনুসৰি দুপৰীয়া বিশেষ নাম কীৰ্ত্তন সহস্ৰাধিক তীৰ্থযাত্ৰীয়ে ভাগ লৈ হৰি নাম শ্ৰৱণ কীৰ্ত্তন কৰা পৰিলক্ষিত হয়৷